ডুমডুমা: ডুমডুমাত অনুজ্ঞাপত্ৰ বিহীন আতচবাজী দোকানৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান
দেওবাৰে নিশা প্ৰায় ৮ বজাত অনুজ্ঞাপত্ৰ অবিহনে আতচবাজী বিক্ৰী কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই ডুমডুমা সম-জিলা প্ৰশাসনে। ডুমডুমা সম-জিলাৰ সহকাৰী আয়ুক্ত সুদীপ গগৈৰ নেতৃত্বত ডুমডুমা নগৰত চলোৱা অভিযানত অনুজ্ঞাপত্ৰ অবিহনে আতচবাজী বিক্ৰী কৰা এখন দোকানৰ সকলো বস্তু প্ৰশাসনে জব্দ কৰে। পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত সহকাৰী আয়ুক্ত সুদীপ গগৈয়ে সকলোকে সেউজ আতচবাজী ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।