ওদালগুৰি: পুৰন্দিয়াত জয়দেৱ ব্ৰহ্ম, কিৰিটি কান্ত তামুলী সোঁৱৰণী ফুটবলত বীৰছা এফ চি চূড়ান্ত বিজয়ীৰ খিতাপ
ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত পুৰন্দিয়া আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত জয়দেব ব্ৰহ্ম আৰু কিৰিটি কান্ত তামুলী সোঁৱৰণী প্ৰাইজমানি দ্বিতীয় বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত চূড়ান্ত খেলত খোখাবস্তি বীৰছা এফচিয়ে ১ -০ গ'লৰ ব্যৱধানত নাৰিকলমখা অমৰজ্যোতি এফচিক পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰি জয়দেৱ ব্ৰহ্ম সোঁৱৰণী ট্ৰফীসহ প্ৰাইমানি লাভ কৰে।বিজেতা অমৰজ্যোতি এফ চিয়ে কিৰীতি কান্ত তামুলী সোঁৱৰণী ট্ৰফী সহ প্ৰাইজ মানি লাভ কৰে ৷