ডুমডুমা: ৰাইডাঙত গৰু ব্যৱসায়ী আৰু ছাত্ৰ সংগঠনৰ সদস্যৰ মাজত মাৰপিতৰ ঘটনাৰ সন্দৰ্ভত থানাত এজাহাৰ দাখিল
বৃহস্পতিবাৰে পুৱাৰ ভাগত ডুমডুমা ৮ ,,নম্বৰৰ পৰা মহিন্দ্ৰা বলেৰ 'পিক আপ বাহনে দমৰা গৰু কেইটামান কঢ়িয়াই নিওতে ফিলবাৰীৰ এটা ছাত্ৰ সংগঠনৰ বিষয় ববীয়া কিছুমানে ৰাইডাঙ কেছৰোগুৰি বাইপাছ সমীপত গাড়ী খন খেদি গৈ ৰখাই গাড়ীৰ ড্ৰাইভাৰক চোকা দাৰে হাতত ঘাপ মাৰি দিয়ে আৰু গাড়ীৰ গ্লাছ ভঙাৰ লগতে টকা কাঢ়ি লয় ।ভুক্তভোগী ব্যৱসায়ীয়ে দুপৰীয়া ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।