নগাঁও: হুকহুকাই কান্দি কান্দি ৰৈ ৰৈ বিনালে চাই অপেৰা হলৰ পৰা ওলাই আহিল অনুৰাগীয়ে
Nagaon, Nagaon | Oct 31, 2025 কেৱল যে আৱেগিক হৈছে তেনে নহয়, চিনেমা হলৰ ভিতৰতেই হুকহুকাই কান্দিছে দৰ্শকে। জুবিন গাৰ্গৰ হেৰুৱাৰ শোক, বেদনা বুকুত লৈয়েই চিনেমাখন চাবলৈ সাহস গোটোৱা জুবিন অনুৰাগীয়ে বিনাই বিনাই ৰৈ ৰৈ বিনালে ছবিখন চালে নগাঁৱতো। নগাঁৱৰ অপেৰা চিনেমা হলত প্ৰথমদিনাই জুবিন গাৰ্গৰ চিনেমাখন চাই কান্দি উঠিল প্ৰতিগৰাকী দৰ্শক। ছবিখন চাই ভাষাহীন হৈ পৰে বিশিষ্ট ছবি নিৰ্মাতা পাৰ্থজিৎ বৰুৱাইয়ো। কোনেও একো মন্তব্য দিব পৰা নাই জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে চোৱাৰ পাছত