ডুমডুমা: জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ডুমডুমাত 'আছু'ৰ বন্তি প্ৰজ্বলন
চিংগাপুৰত ৰহস্যজনকভাবে মৃত্যুক সাৱটি লোৱা অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি দেওবাৰে এমাহ সম্পূৰ্ণ হ'ল। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সন্ধিয়া প্ৰায় ৭ বজাত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই ডুমডুমা নগৰৰ গান্ধী মূৰ্তিৰ সমীপত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি 'জনতাৰ শিল্পী' গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে জুবিন গাৰ্গৰ ন্যায় পোৱাতো নিশ্চিত কৰিবলৈ দাবী জনায়।