নগাঁও: আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে
Nagaon, Nagaon | Oct 29, 2025 আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। ইতিমধ্যে সম্পন্ন হোৱা এই নিৰ্বাচনত সভাপতি পদত বিৰাজ কুমাৰ নাথে ৯৫৮ ভোটত জয় লাভ কৰিবলৈ সক্ষম হয়। লগতে সাধাৰণ সম্পাদক পদত কৌশিক কলিতাই ৭০৯ ভোটত বিজয়ী হয়। নিৰ্বাচন ফলাফল ঘোষণাৰ পাছতে মহাবিদ্যালয় প্ৰাংগনত আনন্দৰ পৰিবেশ সৃষ্টি হয়। ছাত্ৰ-ছাত্ৰীৰ মাজত উল্লাসৰ দেখিবলৈ পোৱা যায়। উল্লেখযোগ্য যে, দুয়ো নিৰ্বাচিত প্ৰতিদ্বন্দ্বীক ACP যে সমৰ্থন আগবঢ়াইছে।