তিনিচুকীয়া: মাকুম টিংৰাই নদীত মা কালীৰ প্ৰতিমা বিসৰ্জন কাৰ্যসূচী
ধৰ্মীয় ৰীতি নীতিৰে মা কালী পূজা সম্পন্ন কৰি আজি বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিমা বিসৰ্জন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে । তাৰ সমান্তৰালভাৱে মাকুম অঞ্চলৰ বিভিন্ন স্থানত কালী পূজা কমিটিসমূহে উদযাপন কৰাৰ অন্তত আজি প্ৰতিমা সমূহ টিংৰাই নদীত বিসৰ্জন কৰা হৈছে । সেই উদেশ্যৰে সন্ধ্যা ৬.৩০ মিনিটলৈকে এনেদৰে পথত মাকুম চহৰৰ পৰা টিংৰাই নদীলৈ প্ৰতিমা সমূহ লৈ যোৱা হৈছে আৰু ধর্মীয় নীতি নিয়মেৰে বিসৰ্জন কৰা হব ।