মৰঙী: বানত মৃত্যু হোৱা ৩নং ভোলাগুৰিৰ দুলু দত্তৰ বাসগৃহত উপস্থিত হৈ ৪লাখ টকাৰ এককালীন সাহাৰ্যৰ চেক প্ৰদান বিধায়ক মৃণাল শইকীয়াৰ
বানত মৃত্যু হোৱা ৩নং ভোলাগুৰিৰ দুলু দত্তৰ বাসগৃহত মঙ্গলবাৰে বিয়লি প্ৰায় ৪ মান বজাত উপস্থিত হৈ পৰিয়ালক ৪লাখ টকাৰ এককালীন সাহাৰ্যৰ চেক প্ৰদান বিধায়ক মৃণাল শইকীয়াৰ। মৰঙিৰ অপৰিৱৰ্তিত বান পৰিস্থিতিৰ মাজতে বানাক্ৰান্তৰ কাষত বিধায়ক মৃণাল শইকীয়া। উল্লেখ্য যে, সোমবাৰে সন্ধিয়া বানপানীত পৰি মৃত্যু হৈছিল দুলু দত্ত ওৰফে কাটিৰাম নামৰ লোকজনৰ। আজি পৰিয়ালৰ কাষত বিধায়ক মৃণাল শইকীয়া উপস্থিত হৈ পৰিয়ালটোলৈ ৪ লাখ টকাৰ এককালীন সাহাৰ্য্য প্ৰদান কৰি পৰিয়ালটোৰ দুখ দুৰ্দশাৰ বুজ লয়।