আজাৰা: সাগৰপৃষ্ঠত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ "মন্থা" সন্দৰ্ভত বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী
সাগৰপৃষ্ঠত সৃষ্টি হৈছে ঘূৰ্ণীবতাহ "মন্থা" । ঘন্টাত প্ৰায় ১০০ কিমি গতিবেগত বলিছে ধুমুহা। উপকূলীয় অঞ্চলত জাৰি কৰা হৈছে Red Alert । বে অফ বেংগল সাগৰ পৃষ্ঠত সৃষ্টি হৈছে এই ঘূৰ্ণীবতাহ । অন্ধ্ৰপ্ৰদেশৰ লগতে চুবুৰীয়া ৰাজ্যত প্ৰভাৱ পেলাব এই বতাহে।অসমটো আংশিকভাৱে প্ৰভাৱ পেলাব এই "মন্থা" ঘূৰ্ণীবতাহে । প্ৰত্যক্ষ প্ৰভাৱ নকৰিলেও বৰষুণৰ প্ৰভাৱ পৰিব অসমত।