নগাঁও: ধঁপাতজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নগাঁৱৰ বিভিন্ন স্থানত প্ৰশাসনৰ অভিযান
Nagaon, Nagaon | Sep 16, 2025 ধঁপাতজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নগাঁৱত প্ৰশাসনৰ অভিযান। মঙলবাৰে নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত অভিযান নগাঁও জিলা প্ৰশাসনৰ। অতিৰিক্ত জিলা আয়ুক্ত সুদীপ নাথৰ নেতৃত্বত চলা অভিযানত জব্দ বুজন পৰিমাণৰ ধঁপাতজাতীয় সামগ্ৰী। নগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সমীপৰ দোকানৰ লগতে শিক্ষানুষ্ঠানৰ সমীপৰ দোকানতো অভিযান প্ৰশাসনৰ। চৰকাৰী কাৰ্য্যালয়, শিক্ষানুষ্ঠানৰ সমীপতে ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰি এক জাননী জাৰি কৰিছিল জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।