লক্ষীপুৰ: লক্ষীপুৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,হাতে হাতে মমবাতি লৈ সমদল
লক্ষীপুৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,হাতে হাতে মমবাতি লৈ সমদল।অসমৰ সম্পদ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছত সমগ্ৰ ৰাজ্য তথা ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পী, অসমীয়াৰ হিয়াৰ আমঠু তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল মৃত্যুত মৰ্মাহত হৈছে গোৱালপাৰা জিলাৰ জলেশ্বৰৰ যুৱ সমাজে ।জনপ্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত হাতে হাতে মমবাতি লৈ সমদল কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছত জলেশ্বৰ চেন্ট্রাল লাইব্ৰেৰীত বন্তি প্ৰজ্বলন কৰা হয়।