লাহৰীঘাট: মৈৰাবাৰীত শুক্ৰবাৰে অনুষ্ঠিত হয় বিৰোধী ঐক্য মঞ্চৰ সভা,গঠন হ'ল বিৰোধী ঐক্য মঞ্চৰ সমন্বয় সমিতি
আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক বিপুল ভোটত জয়ী কৰাৰ লক্ষ্যৰে আজি মৈৰাবাৰীত গঠন হয় বিৰোধী ঐক্য মঞ্চৰ এখন সমিতি।এই উপলক্ষে আজি মৈৰাবাৰী ব্লক কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত হয় বিৰোধী ঐক্য মঞ্চৰ এখন সভা।সভাখনত বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ, ৰাইজৰ দল আদিকে ধৰি কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।সভাখনত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৰাকীক জয় যুক্ত কৰাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰাৰ সন্দৰ্ভতো আলোচনা কৰে।