মাটিয়া: বেচৰকণা কোচপাৰা খেতি পথাৰত বনৰীয়া হাতীৰ জাকৰ তাণ্ডব, কৃষকৰ মাজত হাহাকাৰ
Matia, Goalpara | Sep 14, 2025 বেচৰকণা কোচপাৰা খেতি পথাৰত বনৰীয়া হাতীৰ জাকৰ তাণ্ডব। গোৱালপাৰা জিলাৰ বেচৰকনা আৰু কোচপাৰা খেতি পথাৰত এজাক বন্যহস্তীৰ জাকে ওচৰতে থকা পাহাৰৰ পৰা নামি আহি এফালৰপৰা ধান খেতি খাই তহলিং কৰে। এইদৰে বিঘাই বিঘাই খেতি পথাৰ বিনষ্ট কৰাত কৃষকসকলৰ মূৰত ৰামটাঙোন পৰিছে। কিয়নো অতি কষ্টৰে মূৰৰ ঘাম মাটিত পেলাই খেতি কৰাৰ পিছত ধানৰ গছসমুহ লহপহকৈ বাঢ়ি অহাত কৃষকসকলৰ মনত আনন্দ ভৰি পৰিছিল যদিও এতিয়া ধান গছসমুহ বন্যহস্তীৰ জাকে খাই তহলিং কৰাত কৃষকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।