বিজনী ভাগ: কাইলৈ উলুবাৰী ফিল্ডত অনুষ্ঠিত হ'ব লগা মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰী কৃষ্ণেন্দু পালে
অহাকালি চিৰাং জিলাৰ উলুবাৰী ফিল্ডত আগন্তুক বিটিআৰ নিৰ্বাচন উপলক্ষে ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উলুবাৰী ফিল্ডত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজক সম্বোধন কৰিব মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই,তদুপলক্ষে আজি কেইবাগৰাকী নেতা কৰ্মীৰ সৈতে সভাস্থলী পৰিদৰ্শন কৰি সভাৰ যাৱতীয় প্ৰস্তুতিৰ বুজ লয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কৃষ্ণেন্দু পালে।