তিনিচুকীয়া: মাকুমত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি পালন
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ অসন্তোষ পুনৰ বিস্ফোৰিত হৈছে। বুধবাৰৰ পৰা মাকুম উন্নয়ন খণ্ডত দুদিনীয়া কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছে ঠিকাভিত্তিক কৰ্মচাৰীসকলে। কৰ্মচাৰীসকলে দুপৰীয়া প্ৰায় ২ বজাত জানিবলৈ দিয়ে যে, তেওঁলোকৰ বহুদিনীয়া দাবীসমূহ চৰকাৰে অগ্ৰাহ্য কৰাততেওঁলোকে বাধ্য হৈ এই ধৰণৰ প্ৰতিবাদৰ পথ বাছি লৈছে।