মৰঙী: ধনশিৰি নৈৰ বাঢ়নী পানীয়ে বুৰাইছে মৰঙী ৰাজহ চক্ৰৰ ১০ খনৰো অধিক গাঁও, নষ্ট কৃষিভূমি, বুৰাইছে মথাউৰি <nis:link nis:type=tag nis:id=jansamasya nis:value=jansamasya nis:enabled=true nis:link/>
ধনশিৰি নৈ বাঢ়নী পানীছে বুৰাইছে মৰঙী ৰাজহ চক্ৰৰ ১০ খনৰো অধিক গাঁও। নষ্ট কৃষিভূমি। বুৰাইছে মথাউৰি। দেওবাৰে দিনৰ প্ৰায় ১১ বজাত আৱৰঘাটত ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ধনশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত এতিয়া হাহাকাৰ অৱস্থা সৃষ্টি হৈঠে ১০ খনৰো অধিক গাঁৱৰ ৰাইজৰ। হঠাৎ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত এতিয়া হাঁহাকাৰ লাগিছে ৰাইজৰ মাজত। কাৰণ আঘোণত সোণগুটি চপোৱাৰ আশাৰে ৰুই অহা ধাননি দৰা এতিয়া পানীৰ তলত। ৰবি শস্যৰ পথাৰো পানীৰ তলত।