বাঘবৰ: ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত কেইবাখনো শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝাই
জিলাখনৰ শিক্ষাৰ মানদণ্ড নিৰূপণৰ বাবে সোমবাৰে বৰপেটাৰ জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝাই ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত কেইবাখনো শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত তেওঁ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সৈতে মত বিনিময় কৰে আৰু এই প্ৰতিষ্ঠানসমূহত প্ৰদান কৰা মধ্যাহ্ন ভোজনৰ মানদণ্ডৰ পৰ্যালোচনা কৰে।