নলবাৰী: জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ সংবাদমেল
কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন।আৰু প্ৰধানমন্ত্ৰীৰ ওপজা দিন উপলক্ষ্যত অসম চৰকাৰৰ উদ্যোগত আয়োজন কৰা হৈছে সেৱা সপ্তাহ।নলবাৰীত এই উপলক্ষ্যত নলবাৰীত আয়োজন কৰা হৈছে মেগা স্বাস্থ্য মেলা।এই স্বাস্থ্য মেলাত ১৮ বছৰৰ তলৰ লৰা ছোৱালীৰ ৫৯ বিধ ৰোগৰ বিনামূলীয়া পৰীক্ষা কৰাৰ লগতে চিকিৎসা সেৱা কৰা হ'ব।ইয়াৰ বাবে নলবাৰীত তিনি হাজাৰ আঠশ এনে লোক নিৰ্বাচিত কৰা হৈছে।কালি এই উপলক্ষ্যত নলবাৰীত তিনি ঠাইত ৰক্তদান শিবিৰ আয়োজন কৰা হৈছে।