শদিয়া: শদিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,
মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ মুখ্যমন্ত্ৰীৰ
বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শদিয়াত উপস্থিত হৈ মহিলা উদ্যমিতা আঁচনিৰ অধীনত শদিয়া সমষ্টিৰ মহিলা সকলক চেক বিতৰণ কৰে।শদিয়া সমষ্টিৰ মুঠ ২৮০০০ মহিলাই এই আঁচনি লাভ কৰিছে।আজি মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী ৰূপেশ গোৱালা,লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া,ডিগবৈৰ বিধায়ক সুৰেন ফুকন,তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কৃশান,তিনিচুকীয়াৰ আয়ুক্ত স্বপনীল পালে।