হোজাই: আদৰ্শ বজাৰত সংঘটিত হয় মাৰপিটৰ ঘটনা,মাৰপিটত গুৰুতৰভাৱে আহত তিনিজনকৈ যুৱক
Hojai, Hojai | Sep 16, 2025 মঙ্গলবাৰে মাজনিশা প্ৰায় ১২মান বজাত হোজাই আদৰ্শ বজাৰত সংঘটিত হয় মাৰপিটৰ ঘটনা।মাৰপিটত গুৰুতৰভাৱে আহত তিনিজনকৈ যুৱক।উল্লেখযোগ্য ৰুহুল আমিন নামৰ এজন যুৱকক ১০-১২জনীয়া যুৱকৰ দলে মাৰপিট কৰাৰ অভিযোগ।পৰৱৰ্তী সময়ত ৰুহুল আমিন নামৰ যুৱকজনক বন্ধুয়ে বচাবলৈ যাওঁতে তেওঁক ছুৰিৰে আক্ৰমণ কৰাৰ অভিযোগ।পৰৱৰ্তী সময়ত হোজাই আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে পলায়ন যুৱকৰ দলটোৰ।ইতিমধ্যে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এখন দুচকীয়া বাহন।