বালিজানা: চহৰৰ শাস্ত্ৰীনগৰৰ চি আৰ পি এফ কেম্পত জিলা প্ৰশাসনৰ উদ্যোগত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়
চহৰৰ শাস্ত্ৰীনগৰত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। অসম চৰকাৰৰ সেৱা সপ্তাহৰ অংশ হিচাপে আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। গোৱালপাৰা চহৰৰ শাস্ত্ৰীনগৰত 152 চি আৰ পি এফ বেটেলিয়ন কেম্পত অনুষ্ঠিত হোৱা ৰক্তদান শিবিৰটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে। জিলা আয়ুক্তৰ লগতে অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্ত, গোৱালপাৰা জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া, চিআৰ পি এফ বেটেলিয়নৰ অধীনায়ক উপস্থিত থাকে।