তিনিচুকীয়া: পোহৰৰ উৎসৱ দীপাৱলীৰ দিনা হেবেদা গাঁও বাসীৰ প্রাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান
তিনিচুকীয়া জিলাৰ মাকুম হেবেদা গাঁও বাসীয়ে আজি সন্ধ্যা প্ৰায় ৭ বজাত প্রাণৰ শিল্পী গৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰি এইবাৰ পোহৰৰ উৎসব দীপাৱলী ব্যতিক্ৰমী ৰূপত পালন কৰে । গাঁও বাসীয়ে প্ৰথমে হেবেদা গাঁওলৈ প্ৰৱেশ কৰা টিংৰাই দলংখনৰ ওপৰত চাৰিওফালে মমৰ শিখা বন্তি প্রজলন কৰি পোহৰাই তুলি জুবিন দালৈ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে । অনুষ্ঠানত প্রাণৰ শিল্পী গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত সকলোৱে একোগছি বন্তি প্রজলন কৰি মায়াবিনী গীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।