ডুমডুমা: ডুমডুমাত ৬১খন দুৰ্গা পূজা সমিতিলৈ অসম চৰকাৰে আগবঢ়োৱা দহ হেজাৰকৈ টকাৰ চেক বিতৰণ মন্ত্ৰী ৰূপেশ গোৱালাৰ
সোমবাৰে ডুমডুমা বিধানসভা সমষ্টিৰ মুঠ ৬১ খন পূজা সমিতিক এই অনুদানৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ শ্ৰমিক কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আৰু গৃহ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই। এই উপলক্ষে ডুমডুমাৰ মাৰোৱাৰী পঞ্চায়তী ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰী গোৱালাই সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে ।