দেৰগাঁও: আজি তাৰিখত NSA যদি লাগিব লাগে তেতিয়া মুখ্যমন্ত্ৰীৰ ওপৰতহেঃদেৰগাঁৱত জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত সাংসদ গৌৰৱ গগৈ
আজি তাৰিখত NSA যদি লাগিব লাগে তেতিয়া মুখ্যমন্ত্ৰীৰ ওপৰতহে। মঙ্গলবাৰে সন্ধ্যা ৬ বজাত দেৰগাঁৱত জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত মন্তব্য সাংসদ গৌৰৱ গগৈৰ।তেওঁ লগতে কয় মুখ্যমন্ত্ৰীৰ কাৰণে শত্ৰু অসমৰ শিল্পী সমাজ,সাংবাদিক সমাজ, নৱ প্ৰজন্ম। মুখ্যমন্ত্ৰীৰ এই আতংকৰ পৰা ৰাইজক কোনো কাৰণতে পিছুৱাই নিবলৈ নিদিয়ে কংগ্ৰেছে। ইফালে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় আজি তাৰিখত NSAযদি লাগিব লাগে তেতিয়া মুখ্যমন্ত্ৰীৰ ওপৰত হে লাগিব লাগে। কাৰণ, মুখ্যমন্ত্ৰী য'তেই যায় সেই সমাজত অশান্তি সৃষ্টি কৰে।