টিংখং: শ শ ৰাইজৰ অংশগ্ৰহণেৰে ১নং নাচনী গাঁৱৰ বৰনামঘৰত অনুষ্ঠিত হ'ল শ্ৰীকৃষ্ণ জন্মাষ্টমী, উদ্বোধন কৰা হ'ল মূল তোৰণ
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে ১৯০৫ চনতে স্থাপিত হোৱা ১নং নাচনী গাঁৱৰ বৰনামঘৰত অনুষ্ঠিত কৰা হয় শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। আজি এই পবিত্ৰ দিনটোতে প্ৰয়াত শিক্ষক ৰত্নেশ্বৰ বৰুৱাৰ নামত বৰনামঘৰ" ৰ মূল তোৰণ খন উদ্বোধন কৰা হয়। অনুষ্ঠানত প্ৰয়াত শিক্ষক ৰত্নেশ্বৰ বৰুৱাৰ পুত্ৰ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰঞ্জিত বৰুৱাৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি।