ওদালগুৰি: ওৰাঙৰ নিছিলামাৰীত
এজন অচিনাক্ত ব্যক্তি উদ্বাৰ কৰে ওৰাং আৰক্ষীয়ে
ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অধীনত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিছিলামাৰী গাওঁত পথত পৰি থকা অবস্থাত ওৰাং আৰক্ষী থানাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷লগে লগে ওৰাং সামুহিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷যদিও এতিয়ালৈকে ব্যক্তিজন কোন সন্ধান উলিয়াবলৈ সক্ষম হোবা নাই। বৰ্তমান ব্যক্তিজন ওৰাং সামুহিক চিকিৎসালয়ত চিকিৎসাধীন অবস্থাত সুস্থ হৈ আছে ৷কোনো ব্যক্তিয়ে এই ব্যক্তিগৰাকীৰ নাম ঠিকনাৰ সন্ধান পালে ওৰাং আৰক্ষী থানাৰ সৈতে 7002912470 এই ফোন নম্বৰত সকলো প্ৰকাৰৰ যোগাযোগ কৰিবলৈ আহ্বান ৷