তিনিচুকীয়া: সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব লাভ কৰাৰ পাছতে সদৰত উষ্ম আদৰণি জিতেন্দ্ৰ চুতীয়াক
তিনিচুকীয়া জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব লাভ কৰাৰ পাছতে বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাত তিনিচুকীয়া জিলা আছুৰ লগতে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই তিনিচুকীয়াত আদৰণি জনাই জিতেন্দ্ৰ চুতীয়াক। সাংগঠনিক সম্পাদকৰ দায়িত্ব লাভ কৰাৰ পাছতে আছুৰ কেন্দ্ৰীয় নেতৃত্বলৈ কৃতজ্ঞতা জ্ঞাপন কৰি আগন্তুক দিনসমূহত জাতিটোৰ স’তে, ৰাইজৰ প্ৰতিটো সমস্যাৰ স’তে নিষ্ঠা আৰু সততাৰে মাত মাতি যোৱাৰ আশ্বাস প্ৰদান কৰে জিতেন্দ্ৰ চুতীয়াই