সদৰগাঁওত মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ
Doboka, Hojai | Sep 3, 2025 মোৰাঝাৰ আৰক্ষীৰ আন এক সফল অভিযান।বুধবাৰে পুৱা প্ৰায় ৯মান বজাত আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ সহ ২ সৰবৰাহকাৰী।অভিযানত ৪৩ টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে দুই সৰবৰাহকাৰীৰ পৰা।ধৃত সৰবৰাহকাৰী দুটাৰ নাম ক্ৰমে চাইফ উদ্দিন আৰু নজৰুল ইছলাম। জব্দকৃত হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ২০ লক্ষাধিক টকা। নীলবাগানৰ সদৰ গাঁৱত মোৰাঝাৰ আৰক্ষীৰ অভিযানত এই বৃহৎ পৰিমানৰ ড্ৰাগছখিনি জব্দ হয়।