দাংতল ৰাজহ চক্ৰ: ছাতিপুৰত দুৰ্ঘটনা বিদ্যুৎৰ খুটাত খুন্দা মাৰি খালত বাগঢ়িল চাৰিচকীয়া এলটো বাহন
আজি চিৰাং জিলাৰ কাজলগাওঁ থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁওত এখন চাৰিচকীয়া এলটো বাহনে বিদ্যুৎৰ খুটাত খুন্দা মাৰি খালত বাগঢ়ি পৰে ,উক্ত দুৰ্ঘটনাত বিদ্যুৎৰ খুটা ভাঙি যোৱাৰ লগতে বাহনখনৰ বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হয় ,উক্ত দুৰ্ঘটনাৰ পিছত বাহনৰ পৰা চালক পলায়ন কৰে বুলি জানিব পৰা গৈছে ইতিমধ্যে ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।