কলগাছিয়া: কলগাছিয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মজয়ন্তীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক
বৰপেটা জিলাৰ কলগাছিয়া ব্লক যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ ৯১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ জন্ম জয়ন্তী উপলক্ষে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাখন উপস্থিত থাকে কলগাছিয়া ব্লক যুৱ কংগ্ৰেছৰ সভানেত্ৰী ছালিমা শিকদাৰ, কলগাছিয়া মহিলা কংগ্ৰেছৰ সভানেত্ৰী ছুৰিয়া খাতুন, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰকিবুল ইছলাম উপস্থিত থাকে ৷