শদিয়া: ৪ নং শান্তিপুৰ খেলপথাৰত টিএমপিকে ট্ৰফীৰ চূড়ান্ত খেলখন উদ্বোধন কৰে বিধায়ক বলীন চেতিয়াই
বুধবাৰে বিয়লি প্ৰায় ৩ বজাত শদিয়া বিধানসভা সমষ্টিৰ ৪ নং শান্তিপুৰ খেলপথাৰত অনুষ্ঠিত টিএমপিকে ট্ৰফীৰ চূড়ান্ত খেলখন উদ্বোধন কৰে বিধায়ক বলীন চেতিয়াই ৷ পুষ্পা একাদশ আৰু ডিফেণ্ডাৰ একাদশৰ মাজত হোৱা দশৰ্নীয় খেলখন উপভোগ কৰি অভিভূত হয় বিধায়ক গৰাকীয়ে ৷ খেল উপভোগ কৰাৰ মাজতে গাঁওখনৰ বয়োজ্যেষ্ঠ নাগৰিকসকলৰ মাজত কিছুসময় অতিবাহিত কৰা পৰিলক্ষিত হয় । উক্ত ক্ষণত বিধায়কৰ সৈতে কেইবা গৰাকী বিজেপি কৰ্মী উপস্থিত থাকে ।