ধেমাজি: জোনাই মূল্যবৃদ্ধি কমাবলৈ আৰু দেশক বচাবলৈ ৰাইজক হাততৰ চিনত ভোট দিবলৈ আহ্বান ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ
শনিবাৰে আবেলি ৫ বজাত জোনাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় সকলো দিশতে দুৰ্নীতিত লিপ্ত হোৱা বিজেপিয়ে পৰাজয়ৰ ভয়ত কম্পমান হৈছে। যাৰবাবে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকা সময়ত বিজেপিয়ে অৰুণোদয়, লাখপতি বাইদেউ প্ৰ-পত্ৰ ৰাইজৰ মাজত বিতৰণ কৰি ফুৰিছে।পৃথিৱীৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত লোক জনে হৈছে হিমন্ত বিশ্ব শৰ্মা বুলি তীব্ৰ সমালোচনা কৰি মূল্যবৃদ্ধি কমাবলৈ হলে বা দেশক বচাবলৈ হলে এই বাৰ হাততৰ চিনত ভোট দিবলৈ আহ্বান ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ