সোণাৰি: আহোমক লৈ বিৰূপ মন্তব্য দিয়াৰ বাবে সোণাৰিত বিশিষ্ট সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আটাছুৰ
সোণাৰিত সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে সৰৱ সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ। সামাজিক মাধ্যমত বিশিষ্ট সাংবাদিক মনোজ গোস্বামীয়ে আহোম জনগোষ্ঠীৰ সম্পৰ্কত বিৰূপ মন্তব্য কৰাৰ বিৰুদ্ধে সোণাৰিত বুধবাৰে পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ কৰিলে আটাছু চৰাইদেউ জিলা সমিতিয়ে। আহোম জনগোষ্ঠীক বাৰম্বাৰ তুচ্ছ-তাছিল্য কৰি থাকিলে সহ্য কৰা নহ'ব বুলি সকিয়নী আটাছুৰ। শীঘ্ৰেই ক্ষমা নুখুজিলে মনোজ গোস্বামীক সমুখ সমৰত অৱতীৰ্ণ হবলৈ প্ৰত্যাহ্বান আটাছুৰ।