সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক মোছাব্বিৰ আলী আহমেদ আৰু নগাওঁ জিলা সভাপতি সহ কেইবাজনো সদস্যক প্ৰচণ্ড মাৰ পিট ।বৃহস্প্ৰতিবাৰে নিশা প্রায় ন বাজি ৩০ মিনিটত ধিঙৰ আহোম গাঁও আৰক্ষী পহৰা চকীত সংঘটিত হয় এই মাৰ পিটৰ ঘটনা ।সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই সদস্য সকলে এগৰাকী নির্যাতিতা নাবালিকাৰ পৰিয়ালক লগত লৈ আহিছিল ধিঙৰ আহোম গাঁও আৰক্ষী পহৰা চকীলৈ।