১৯৭১ চনৰ পৰা উদযাপন কৰা কৃষ্ণ নগৰ সাৰ্বজনীন কালী পূজা সমিতিৰ ৫৫ বৰ্ষত ভৰি দিছে । আজি সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে । কাৰ্যসূচীৰ আৰম্ভণিতে নিশা প্ৰায় ১০ বজাত প্ৰাণৰ শিপ্লী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজলন কৰি মায়াবিনী গীতেৰে শ্ৰদ্ধা জ্ঞাপন কৰি তেখেতৰ আত্মাৰ সদ্গতিৰ কামনা কৰাৰ লগতে জুবিন দাৰ ৰহস্যজনক মৃত্যুৰ উচিত ন্যায়ৰ দাবী তোলে । তাৰ পাছতে কালী পূজাৰ নীতি নিয়মেৰে আৰম্ভ কৰা হয় ।