বালিজানা: অন্তিম দিনাৰ কৰ্তব্যত দাৰিদুৰীৰ কেবাটাও কৃষকৰ খেতি পৰিদৰ্শন কৰে সহ কৃষি পৰিদৰ্শক আতোৱাৰ ৰহমানে
অন্তিম দিনাৰ কৰ্তব্যত দাৰিদুৰীৰ কেবাটাও কৃষকৰ খেতি পৰিদৰ্শন কৰে সহ কৃষি পৰিদৰ্শক আতোৱাৰ ৰহমানে। সহকাৰী কৃষি পৰিদৰ্শক আতোৱাৰ ৰহমানৰ চাকৰি জীৱনৰ অন্তিম দিন। ১৯৯৭ চনৰ ৬ অক্টোবৰ তাৰিখে কাছাৰ জিলাৰ শিলচৰ কৃষি মহকুমাৰ অন্তৰ্গত কনকপুৰ কৃষি সম্প্ৰসাৰণ সহায়ক এলেকাত কৰ্ম জীৱনৰ পাতনি আৰু আজি গোৱালপাৰা জিলাৰ বৰদামাল কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত দাৰিদুৰী, বৰদামাল আৰু বালিজানা কৃষি সম্প্ৰসাৰণ সহায়ক এলেকাৰ ভাৰপ্ৰাপ্ত কৃষি সম্প্ৰসাৰণ সহায়ক হিচাপে কৰ্ম জীৱনৰ সামৰণি পৰে।