অহা ৫ নৱেম্বৰত ড: ভূপেন হাজৰিকাৰ স্মৃতি দিৱস তিনিচুকীয়া জিলাত কেন্দ্ৰীয়ভাৱে আয়োজনৰ উদ্দেশ্যে শুকুৰবাৰে নিশা প্ৰায় ৮ .৩০ বজাত জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সাংস্কৃতিক ক্ষেত্ৰত জড়িত বিভিন্ন ব্যক্তি আৰু সংগঠনৰ প্ৰতিনিধিসকলকলৈ অনুষ্ঠিত এই আলোচনাত পদ্মশ্ৰী দুলাল মানকি, মটক স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ স্বৰোজ গোহাই, জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাস উপস্থিত থাকে ।