বিজনী ভাগ: অবৈধ বাংলাদেশী, মৌলবাদী উৎখাত কৰাৰ দাবীত বিজনীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ পৰা অবৈধ বাংলাদেশী,মৌলবাদী উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত চিৰাঙৰ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত,চিৰাং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সুদীপ চন্দ,জিলা সভাপতি বিশ্বজিৎ ৰায় সহ আছুৰ নেতা কৰ্মী সকলে অংশগ্ৰহণ কৰি ভাৰত-বাংলা সীমান্ত ছীল কৰক,কা আমি নামানো শ্লোগান দি বিক্ষোভ উত্তাল কৰি তোলে।