মাটিয়া: দৰংগিৰি -নন্দেশ্বৰ পথৰ চাইডবামৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ স্থানীয় সচেতন যুৱকৰ
Matia, Goalpara | Sep 14, 2025 দৰংগিৰি -নন্দেশ্বৰ পথৰ চাইডবামৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ স্থানীয় সচেতন যুৱকৰ। দৰংগিৰি -নন্দেশ্বৰ পথৰ সাৰাপাৰাৰ পৰা -নন্দেশ্বৰলৈ থকা প্ৰায় পাঁচ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে চিগনেচাৰ প্ৰকল্পৰ দহ কোটি টকা আবন্টন কৰা হয়। কিন্তু পথচোৱাৰ চাইডবামৰ কামৰ বাবে প্ৰায় ১৮ লক্ষাধিক টকা আবন্টন হোৱাৰ বিপৰীতে নাম মাত্ৰ কাম কৰি প্ৰায় ৭০ শতাংশ ধন আত্মসাৎৰ ফন্দি ৰচনা কৰিছে দায়িত্বৰত ঠিকাদাৰে।