বকো: বকোত 'পিওৰ' নামৰ পানী কোম্পানীৰ পানী বটলত ফেনাইলৰ গোন্ধ,এজন লোকে পানী খাওতে পোহৰলৈ আহে ঘটনা
Boko, Kamrup | Aug 12, 2025 বকোত বিশুদ্ধ পানী নামত বৰবিহ। বকোত "পিয়ৰ "নামৰ পানী কোম্পানীৰ পানীত বটলত ফেনাইলৰ গোন্ধ। মঙলবাৰৈ বকোৰ এখন দোকানৰ পৰা পানী বটল কিনি খাবলৈ লওতেই পোহৰলৈ আহে এই ঘটনা। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুমাৰ ৰাভা নামৰ শ্ৰমিকজনে কৰ্মৰত অৱস্থাত বকো বজাৰৰ বন্ধন বেংকৰ সন্মুখৰ দোকান এখনৰ পৰা ক্ৰয় কৰিছিল পানী। পানী খাবলৈ লওতেই পানীত ওলাল ফেনাইলৰ গোন্ধ।ভুক্তভোগী শ্ৰমিকজনে পানী কোম্পানীটোৰ পানী পৰীক্ষা কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।