ওদালগুৰি: ওৰাঙত কেবিআৰ মহাবিদ্যালয়ত সাংবাদিক- নাগৰিকৰ মুকলি মত- বিনিময় আৰু ১২০গৰাকী বিশেষ ব্যক্তিক
বিশেষ সম্বৰ্ধনা অনুষ্ঠান
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে সাংবাদিক সকল, কিন্তু এই চতুৰ্থ স্তম্ভ সাংবিধানিক বা চৰকাৰী হিচাপে স্বীকৃতি পোৱা নহয়, ইয়াক সাংবাদিক সকলে নিজস্ব কৰ্ম দক্ষতা আৰু নিজৰ দায়িত্বৰ ভিত্তিত পোৱা এটা স্বীকৃতি মাথোন। বৰ্তমান সময়ত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ষষ্ঠ স্তম্ভলৈ উন্নীত হৈছে। তাৰে ভিতৰৰ পঞ্চম স্তম্ভটো হৈছে আমাৰ সমাজৰ সচেতন নাগৰিকসকল আৰু ষষ্ঠ স্তম্ভটো হৈছে দেশৰ পূঁজিপতি সকল যিয়ে দেশ এখনক আৰ্থিকভাৱে সহায় কৰিব পাৰে। বৰ্তমান সময়ত সঁচা খবৰবোৰৰ টিআৰপি নোহোৱা হৈছে ৷