গুৱাহাটী: গৰিয়া, মৰিয়া, দেশী, চৈয়দ, চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত চচলত উত্তাল প্ৰতিবাদ
গৰিয়া, মৰিয়া, দেশী, চৈয়দ, চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত চচলত উত্তাল প্ৰতিবাদ। গৰিয়া-মৰিয়া- দেশী-চৈয়দ- জল্হা চাহ জনগোষ্ঠী জনগোষ্ঠীয় ঐক্যমঞ্চ, অসমৰ উদ্যোগত আজি চচলৰ ধৰ্ণা স্থলীত অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী সকলে হাতে হাতে ফ্লেগ, বেনাৰ, ফেষ্টোন আদি লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি ধৰ্ণা স্থলীৰ আকাশ বতাহ উত্তাল কৰি তোলে। ধৰ্ণা কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে আৰক্ষীৰ জৰিয়তে মুখ্য মন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।