ছিপাঝাৰ: মঙলদৈৰ মাছৰ বজাৰত উত্তপ্ত পৰিস্থিতি, জুবিন অনুৰাগীয়ে বন্ধ কৰিলে মাজৰ বজাৰ
দেওবাৰে খোলা ৰাখিছিল মঙলদৈ চহৰৰ মাছ বজাৰ।ঘটনা অনুসৰি আজিৰ দিনটোতো মঙলদৈ চহৰৰ মাজমজিয়াত থকা দোকান পোহাৰ সমূহ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে শ্ৰদ্ধাঞ্জলি জনায় স্বতঃফুৰ্ট ভাবে বন্ধ ৰাখে। তাকলৈ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়িয়ে এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।অবশেত মঙলদৈ মাছৰ বজাৰো বন্ধ ৰাখে,আনহাতে ক্ষুদ্ৰ ব্যৱসায়ি সকলে চহৰৰ মাজেৰে শোভাযাত্ৰা উলিওৱাই খোলা থকা দোকান সমুহ বন্ধ কৰিবলৈও আহ্বান জনায়।