তিনিচুকীয়া: ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত সদৌ অসম প্ৰগতি নাৰী সন্থা চি পি আই (এম,এল),জাগৃতি মহিলা মঞ্চৰ বৰডুবিত প্ৰতিবাদী কাৰ্যসূচী
বুধবাৰে দুপৰীয়া প্ৰায় ২ বজাত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত সদৌ অসম প্ৰগতি নাৰী সন্থা চি পি আই (এম,এল),জাগৃতি মহিলা মঞ্চৰ বৰডুবিত প্ৰতিবাদী কাৰ্যসূচী । যোৱা ৩ নৱেম্বৰ ২০২৫ তাৰিখে বৰডুবি থানা এলেকাধীন এগৰাকী ছাত্ৰীক তিনিটা দুৰ্বৃত্তই আগছি ধৰি বাগিছাৰ ভিতৰত ধৰ্ষণ কৰে ।বৰডুবি থানাৰ এলেকাত যোৱা ৬ মাহত একেধৰণৰ তিনিটা ঘটনা সংঘটিত হৈছে । ধৰ্ষণকাৰীহতক পুলিচে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে প্ৰতিবাদ কাৰীয়ে ।