বজালী ভাগ: পাঠশালা ভাগৱতী ক্ষেত্ৰত অনুষ্ঠিত দুৰ্গা পূজাত উপস্থিত হৈ দেৱী মাৰ চৰণত সেৱা লয় বিধায়ক ফণীধৰ তালুকদাৰে
আজি মহানৱমী। সমগ্ৰ ৰাজ্যখনতে বুধবাৰে অনুষ্ঠিত হয় মহানৱমী পুজা ৷ মহানৱমীৰ পৱিত্ৰ ক্ষণত পাঠশালা ভাগৱতী ক্ষেত্ৰত অনুষ্ঠিত দুৰ্গা পূজাত উপস্থিত হৈ দেৱী মাৰ চৰণত সেৱা লয় ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে । বিধায়ক গৰাকীয়ে পূজা স্থলীত ভোগ বিতৰণ পৰ্বত সমূহ ৰাইজক ভোগ বিতৰণো কৰে ৷ তাৰ পিছতে বিধায়ক গৰাকীয়ে পাঠশালা ছোৱালী হাইস্কুল খেল পথাৰত অনুষ্ঠিত দুৰ্গা পূজাত সেৱা গ্ৰহণ কৰি সকলো ৰাইজৰে মঙ্গল কামনা কৰে ৷