ডুমডুমা: তালাপত আটছা নেতাৰ বিৰুদ্ধে পাবলগীয়া ধন ঘূৰাই নিদিয়াৰ অভিযোগত এজাহাৰ দাখিল ভোক্তভোগীৰ
আটছা তালাপ শাখাৰ উপসভাপতিৰ বিৰুদ্ধে পাবলগীয়া ধন ঘূৰাই নিদিয়াৰ অভিযোগ ভোক্তভোগীৰ । যোৱা ২১ চনৰ নবেম্বৰত শদিয়াৰ যুৱক তথা আটছাৰ তালাপ শাখা উপসভাপতি ধনেশ ভক্তাই তালাপ খোৱাং আৰু চিৰিং তিৰুৱাল পথাৰ কেবাজন শ্ৰমিকক অৰুনাচল হাৱাইলৈ দলং নিৰ্মানৰ কামত শ্ৰমিক হিচাবে কামলৈ যোৱাৰ পিছত তিনিমাহৰ কামৰ ধন প্ৰায়৬০০০০( ষাঠি হাজাৰ) টকা আত্মহাৎ কৰি আজিলৈকে টকা নিদিয়াৰ অভিযোগ ।