ওদালগুৰি: খালিংদুৱাৰ বনাঞ্চলৰ অন্তৰ্গত মাজুলী চাহ বাগিছাৰ মাজুলী গ্ৰেণ্টত মৃত্যু হোৱা বনৰীয়া হাতীটোৰ বয়স প্ৰায় ১১ বছৰ
ঘটনা স্থলীত উপস্থিত বন বিভাগ আৰু আৰক্ষীৰ লোক । ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ বিভিন্ন প্ৰান্তত দ্ৰুতগতিত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ বনৰীয়া হাতীৰ আক্ৰমণত কেতিয়াবা যদি মৃত্যু হৈছে নিৰিহ লোকৰ আন কেতিয়াবা বিভিন্ন কাৰণত মৃত্যু হৈছে বনৰীয়া হাতীৰ ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহি এনেদৰে মৃত্যু হৈ আহিছে বনৰীয়া হাতীৰ ৷ চলিত বৰ্ষত ওদালগুৰিৰ বিভিন্ন প্ৰান্তত ১০ টাকৈ অধিক বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১৫ জনকৈ অধিক নিৰিহ লোকে প্ৰান হেৰুৱাইছে ৷