পশ্চিম ডিব্ৰুগড়: এটা পথ দুৰ্ঘটনাত নিহত যুৱকক কেন্দ্ৰ কৰি লেপেটকতা আৰক্ষী চকী ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি শতাধিক ৰাইজৰ
লেপেটকতা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। এটা পথ দুৰ্ঘটনাত নিহত যুৱকৰ আত্মীয়ই আজি ৰবিবাৰে বিয়লি ৫ বজাত লেপেটকতা আৰক্ষী চকী ঘেৰাও কৰি পৰিবেশ উত্তাল কৰি তোলে। দুৰ্ঘটনা সংঘটিত কৰা যুৱকক আৰক্ষীয়ে আটক কৰাৰ পিছতো পুনৰ মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপিত কৰিছে