ওদালগুৰি: ৰৌতাৰ সাংবাদিক পেন্সনাৰ পবন হাজৰিকাৰ মৃত্যু
ওদালগুৰি জিলাৰ ৪৭নং মাজবাট বিধান সভা সমষ্টিৰ অধীনস্থ ৰৌতাৰ সমষ্টিৰ ভালুকমাৰী গাওঁৰ সাংবাদিক পেন্সনাৰ পবন হাজৰিকাৰ ২নবেম্বৰত সন্ধিয়া ৬-১০বজাত মৃত্যু হয় । তেওঁ দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল।মৃত্যুৰ সময়ত তেওঁৰ বয়স ৬৭বছৰ আছিল । তেওঁ একেৰাহে সমাজকৰ্মী,লিখক ,সাংবাদিক,কোছ ৰাজংশী,সাহিত্য সভা আদি বিষয়বীয়া হৈ সুচাৰুৰূপে দায়িত্ব পালন কৰিছিল।