পূব ডিব্ৰুগড়: বিজেপি উদ্যোগত বকপৰা উদয়ন স: প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰক্তদান শিবিৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ উপলক্ষে ডিব্ৰুগড়ত ৰক্তদান শিবিৰ । ভাৰতীয় জনতা পাৰ্টী ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত বকপৰা উদয়ন সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই ৰক্তদান শিবিৰ শুভ উদ্বোধন কৰে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই ৰক্তদান শিবিৰত প্ৰধানমন্ত্ৰীৰ ৭৫ সংখ্যক জন্মদিৱস হিচাবে ডিব্ৰুগড় জিলাৰ বিভিন্ন মণ্ডলৰ পৰা ৭৫ গৰাকী ৰক্তদাতা কাৰ্যকৰ্তাই আজি ৰক্তদান কৰে